ਸਤੰਬਰ 16 – অনুগ্ৰহ কৰি তেওঁক!
” ইয়াৰ দ্বাৰা মই জানিম যে তুমি মোৰ ওপৰত সন্তুষ্ট, কিয়নো মোৰ শত্রু মোৰ ওপৰত জয়ী হ’ব নোৱাৰিলে। ( গীতমালা ৪১:১১)।
প্ৰভুক আনন্দিত কৰিবলৈ সদায় সাজু থাকক। আপোনাৰ প্ৰাৰ্থনা সদায় হব লাগে : ” ঈস্বৰ মোক সেয়া কৰিবলৈ শিকাক যি আপোনাক পছন্দ। ” খোজ কৰক যে পৰমেশ্বৰক কি আনন্দিত কৰে, আৰু নিজৰ কাৰ্য্যৰ মাধ্যমেৰে তেওঁৰ বাবে নিজৰ প্ৰেম প্ৰকাশ কৰক।
আমাৰ পূৰ্বপুৰুষ যাকোবক ৰাহেলৰ প্ৰতি ইমান প্ৰেম আছিল যে তেওঁ তেওঁৰ বাবে যিকোনো ত্যাগ কৰিবলৈ সাজু আছিল। তেওঁক লাবানৰ বাবে এজন দাসৰ ৰূপে ১৪ বছৰ পৰিশ্ৰম কৰিব লাগিল। তেওঁ কোনো বিশ্ৰাম নকৰাকৈ কষ্ট কৰি লাবানৰ মেৰ চাগৰ চোৱাচিতা কৰিলে। ( আদিপুস্তক ২৯-১৪)।
এই ধৰনৰ কঠিন পৰিশ্ৰমৰ বাবে নিম্নলিখিত বাক্য পোৱা যায় :”লেয়াৰ চকু দুটা দুৰ্বল দৃষ্টিশক্তিৰ আছিল; কিন্তু ৰাহেল গঠণত ধুনীয়া আৰু দেখনীয়া আছিল( আদিপুস্তক ২৯-১৭)। ” সেয়ে, যাকোবে ৰাহেলৰ কাৰণে সাত বছৰ সেৱা কার্য কৰিলে; ৰাহেলক প্ৰেম কৰাৰ কাৰণেই সেই বছৰবোৰ যাকোবৰ মনত মাত্র অলপ দিন যেন লাগিল।( আদিপুস্তক ২৯-২০)।
পাদ্ৰী ৰিচৰ্ড অম্ব্ৰাটক ১৪ বছৰলৈকে দুখ লগা দিন কটাবলগা হল, কেৱল এইবাবে তেওঁ ঈস্বৰক আনন্দিত কৰিবলৈ সিদ্ধান্ত ললে। তেওঁ যিকোনো সময়ত বন্দীশালৰ পৰা বাহিৰলৈ ওলাব পাৰিছিল, যদি তেওঁ যীশু খ্ৰীষ্টক অস্বীকাৰ কেৱল কৰা হলে, যদি তেওঁ মিছা কোৱা হলে, তেন্তে তেওঁ তেওঁৰ সৈতে হোৱা যাইনাব পৰা ৰক্ষা পালেহেতেন। কিন্তু তেওঁ নিজৰ হৃদয়ত পৰমেস্বৰক আনন্দিত কৰিব বিচাৰিছিল, সেই বাবে তেওঁক কষ্ট সহ্য কৰিব লগা হল আৰু কষ্ট পীড়া আৰু উৎপীড়িতৰ সন্মূখীন হব লগা হল।
১৪ বছৰ শেষত বন্দীশালৰ পৰা ওলাই অহাত, আমাৰ প্ৰভু যীশু খ্রীষ্ট তেওঁৰ পিঠিত ঠপঠপিয়াই কলে, ” যাকোব অৰামd দেশলৈ পলাই গৈছিল; ভার্য্যা পাবৰ কাৰণে ইস্ৰায়েলে মজুৰিৰ কার্যৰ লগতে মেৰ-ছাগ চৰোৱাৰ কার্য কৰিছিল।”( হোচেয়া ১২:১২) , যত তুমি সকলোতকৈ অধিক মহিমাৰ বাবে পীড়া আৰু উৎপীড়ন সহ্য কৰিলা হে উচ্চ ঈস্বৰ। ”
অলপ আমাৰ প্ৰভু যীশুক চাওক । তেওঁ কেৱল পিতৃ পৰমেস্বৰক আনন্দিত কৰিব বিচাৰিছিল আৰু তেওঁৰ ইচ্ছা পূৰ্ণ কৰিব বিচাৰিছিল, তেওঁ নিজৰ স্ব ইচ্ছাৰে নিজকে বলি কৰিবলৈ দি দিলে। তেওঁ পিছ নপৰি, কষ্ট আৰু দুখ লবলৈ আগবাঢ়ি আহিল। এয়া তেওঁ পৰমেস্বৰক আনন্দিত কৰাৰ মহান ইচ্ছাৰ কাৰনে হয় যে তেওঁ নিজকে কাইটৰ মুকুট পিন্ধালে, গজালেৰে বিন্ধা হল আৰু কালবাৰীৰ ক্ৰুচত নিজৰ তেজৰ শেষ পর্যন্ত তেজ বুৱাই দিলে। ” এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে, আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নামe তেওঁক দান কৰিলে, যাতে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱেf যীচুৰ নামত আঁঠু লয় l
আৰু যীচু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে”৷( ফিলিপিয়া ২:৯-১১)। পৰমেস্বৰৰ মৰমিয়াল সন্তান, যেতিয়া আপোনাতো পৰমেস্বৰক আনন্দিত কৰাৰ গভীৰ ইচ্ছা আৰু লোভ হব, তেতিয়া যিকোনো পৰীক্ষা আৰু ক্লেশ আপোনাৰ বাবে ডাঙৰ নহব।
মন কৰিবলগীয়া:”তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা।b চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।” ( প্ৰকাশিত বাক্য ২:১০)।