জুন 21 – বুদ্ধি আৰু ঞ্জানৱান মনুষ্য!
“দেশৰ আইন উলঙ্ঘনৰ বাবে দেশত অনেক শাসনকৰ্তা হয়; কিন্তু জ্ঞানী আৰু বিবেচনা কৰা লোকৰ দ্বাৰাই শাসন চিৰস্থায়ী হয়।”(হিতোপদেশ ২৮:২)।
হিতোপদেশৰ বাক্যক আগ্ৰহৰে পঢ়া লোক সকলৰ জীবন ভাল আৰু সমৃদ্ধ থাকে। পবিত্র জীবন যাপন কৰিবলৈ, জয়বন্ত জীবন যাপন কৰিবলৈ, সেৱাকাৰ্যৰ বাবে ঞ্জানৰ বাক্য বহুত উপযোগী হয়।
সংসাৰত যিকোনো লোকে নিজৰ বিবাহিত জীবন যাপন আৰাম্ভ কৰে, সেই যুৱক যুৱতীক এই ঞ্জানৰ গভীৰতাত গয়, বহুমূল্য মুকুতা ৰূপী পৰমেস্বৰৰ পৰামৰ্শ আগ্ৰহৰে গ্ৰহন কৰি তাক নিজৰ কাৰ্য্য কলাপত প্ৰয়োগ কৰক।
মূখ্য উপদেশক আলেকজেণ্ডাৰ মেক্লেনে কয়, ” হিতোপদেশ সদায় নিজৰ লগত ৰাখা শ্ৰেষ্ঠ ঔষধী হয়, যুৱা অৱস্থাৰ ৰোগী তাক আতৰ কৰি সাস্থ্য আনে। ” এই কথা কিমান সত্য!
হিতোপদেশ অধ্যয়ন কৰা বহুতো যুৱক যুৱতী খ্ৰীষ্টৰ বিস্বাসত আহে। সাংসাৰিক ঞ্জান পাবলৈ ইয়াক অধ্যয়ন কৰা আৰাম্ভ কৰিলে কিন্তু পৰমেস্বৰৰ প্ৰেমৰ দ্বাৰা আগবাঢ়ি আকৰ্ষিত হয় গল। চাওক এনেধৰনৰ লোক কেনেকৈ সাক্ষ দিব? ” সংশাৰী ঞ্জানৰ বাবে এই পুস্তক অধ্যয়ন আৰাম্ভ কৰিলে কিন্তু এই পুস্তকৰ ঞ্জানে ইয়াক প্ৰকাশিত কৰা পৰমেস্বৰৰ ফালে অৰ্থাৎ আমাৰ পথত ওলোটাই দিলে। শব্দ অধ্যয়ন দ্বাৰা শব্দক নিৰ্মাণ কৰা সেই পৰমেস্বৰক আমি জানিলো ‘ এনেকুৱা তেওঁ কয়।
শুভবসংবাদ শুনাবলৈ পবিত্র শাস্ত্ৰৰ ভাল বাক্যৰ এটি, এয়া হিতোপদেশ হয়। হিতোপদেশ আমি অধ্যয়ন কৰো যদি তেন্তে খ্ৰীষ্টক জনা আমি ঞ্জানক প্ৰাপ্ত কৰিব পাৰো। এই ঞ্জানৰ কথা আপোনাৰ জীবনত পূৰ্ণ ৰূপে স্তম্ভৰ ৰূপে হয় থাকে।
আপোনাৰ ঘৰৰ সন্তানৰ আৰু যুৱকৰ হিতোপদেশৰ পুস্তক অধ্যয়ন কৰিবলৈ উৎসাহিত কৰে। তেতিয়া ঈস্বৰীয় ঞ্জান সৰু বয়সৰে পৰাই তেওঁ লোকৰ ভিতৰত পৰিপূৰ্ণ হয় থাকিব। যিমানেই লোক সেয়া অধ্যয়ন কৰি তাক মনোযোগ দিয়ে সিমানেই পৰমেস্বৰৰ বাক্য তেওঁ লোকৰ ভিতৰত শিপা বান্ধিব। সেই সকল কোৱা আৰু কৰাত ঞ্জান ৱান হয় থাকিব।
যি সকল পৰমেস্বৰৰ দিয়া ঞ্জানক তুচ্ছ ভাবে তেওঁ নিজৰ জীবনক অঞ্জানতা পূৰ্বক বেয়া কৰি আছে। পৰমেস্বৰৰ বাক্য কেৱল আত্মা আৰু জীবনেই নহয় সেয়া মূৰ্খকো ঞ্জানৱান বনোৱা ঞ্জানৰ অস্ত্র সস্ত্র হয়। আত্মাৰ বাবে বল আছে। সেয়া আপোনাক সঠিক পথত লৈ পৰিচালনা কৰে।
মন কৰিবলগীয়া:” জ্ঞান আৰু পৰাক্ৰম তেওঁৰ তাতহে আছে; পৰামৰ্শ আৰু বুদ্ধি তেওঁৰহে।”( ইয়োব ১২:১৩)।