আগস্ট 28 – যি বাটেদি তুমি আহিলা!
” আপুনি যেন দৃষ্টি পায় আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয়, এই কাৰণে আপুনি অহা বাটত যি জন প্ৰভু যীচুৱে আপোনাক দেখা দিলে, তেৱেঁই মোক আপোনাৰ ওচৰলৈ পঠালে।” ( পাঁচনিকৰ্ম ৯:১৭)।
অননিয় পাঁচনিকৰ্ম পুলক এয়া কয় এটি মহূত্বপূৰ্ন কথা স্মৰণ কৰায়, ” এই কাৰণে আপুনি অহা বাটত” । যেতিয়া চৌল ক্লেশ দিয়া ৰূপে আহিল তেতিয়া পৰমেশ্বৰে সেই বাটত হস্তক্ষেপ কৰিলে। যেতিয়া তেওঁ দম্মেচক ওচৰত আছিল, তেতিয়া অকস্মাতে আকাশৰ পৰা পোহৰ ওলাই তেওঁৰ চাৰিওফালে প্ৰকাশিত হ’ল; এয়া সেই সময় আছিল যেতিয়া পৰমেশ্বৰে চৌলক পৌলত পৰিবৰ্তন কৰি দিলে।
আপুনি কোনটি বাটেদি গৈছে? আপুনি পৰমেশ্বৰৰ সন্তানৰ বিৰুদ্ধে হয়েছে নে আৰু পৰমেশ্বৰক দুখী কৰিছে? আপুনি শাওৰ পথতগৈছে নে? পৰমেশ্বৰ হস্তক্ষেপ কৰিব বিচাৰে।
এজন ভায়েক টকা উপাৰ্জন কৰিবলৈ দুবায় জাবলৈ পৰিকল্পনা কৰিলে। যোৱা কিছু দিন আগেই নিজৰ বন্ধুৰ গৃহ চেন্নাই গল। তেতিয়া কেইজনমান বন্ধুৱে প্ৰাৰ্থনা কৰিবলৈ সমুদ্ৰৰ কাষত গল। তেওঁ লোকৰ সৈতে এই ভাইটিজন প্ৰাৰ্থনা কৰিবলৈ গল। যেতিয়া তেওঁ লোক গোলাকাৰ হয় প্ৰাৰ্থনা কৰিছিল তেতিয়া পবিত্র আত্মা সামৰ্থৰে নামি আহিল ।
যি ভাইটিজন দুবাই যোৱা পৰিকল্পনা কৰিছিল তেওঁ পবিত্র আত্মাৰ অগ্নিৰে পৰিপূৰ্ণ হয় গল। তেওঁৰ ওপৰত কেইবাঘন্টা পবিত্র আত্মাৰ অবশেষ পৰিপূৰ্ণ হয় বয় গল। আপুনি জানেনে শেষত কি হল? যি ব্যক্তি টকা উপাৰ্জন কৰিবলৈ দুবায় জাবলৈ ওলাইছিল তেওঁৰ পৰিপূৰ্ণ পৰিবৰ্তন হয় গল আৰু তেওঁ নিজকে পৰমেশ্বৰক সম্পূর্ণ ৰূপে সেৱক হবলৈ আৰু আত্মা প্ৰাপ্ত কৰিবলৈ নিজকে সমৰ্পন কৰি দিলে।
নিজৰ পথক পৰমেশ্বৰৰ বাবে সমৰ্পিত কৰক আৰু তেওঁৰ ওপৰত ভাৰষা কৰক। তেতিয়া তেওঁ আপোনাৰ পথক সমৃদ্ধ বনাব। ইমানেই নহয়। পৰমেশ্বৰ আপোনাৰ পথত আপোনাৰ সংগে আহিব। এতিয়া আপুনি অকলে নাযাব।
মুচিয়ে ঈস্ৰায়েলীক প্ৰেমৰে কলে, ” পুনৰ আপোনালোকে মৰুভূমিত দেখিছিল যে, কেনেদৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই সন্মুখত থাকি আপোনালোকক লৈ গৈছিল; যেনেকৈ পিতৃয়ে পুত্রক কোলাত তুলি লৈ যায়, তেনেকৈয়ে আপোনালোক যোৱা সকলো ঠাইতে, গোটেই পথত এই ঠাই নোপোৱালৈকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ আনিলে।”যিহোৱা! যি জন আপোনালোকৰ যাত্রাপথত আগে আগে গৈছিল, যাতে তেওঁ আপোনালোকৰ কাৰণে শিবিৰ পাতিবৰ ঠাই বিচাৰি পায় আৰু যি পথেদি আপোনালোক যোৱা উচিত, সেই পথ দেখুৱাই আপোনালোকক লৈ যাবলৈ তেঁৱেই ৰাতি অগ্নিৰ মাজেৰে আৰু দিনত মেঘৰ মাজেদি আপোনালোকৰ আগে আগে গৈছিল। ( দ্বিতীয় বিৱৰণ ১:৩১, ৩৩)।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, অসংখ্য পৰাজয়ৰ কাৰনে উৎপন্ন হোৱা কঠিনতাৰ কাৰনে আপুনি পৰমেশ্বৰৰ পথৰ পৰা বিচলিত হয়ছে নে? আপুনি চিন্তিত নে আপোনাক শান্তি প্ৰাপ্ত হল? আশাৰ সৈতে পৰমেশ্বৰৰ পথত উভটি আহক। তেওঁ আপোনাক পবিত্রতাৰ পথত পথপ্রদর্শক কৰিব।
মন কৰিবলগীয়া:” … কাৰণ যিহোৱা তোমালোকৰ আগে আগে যাব, আৰু ইস্ৰায়েলৰ ঈশ্বৰ তোমালোকৰ পাছত যাওঁতা হ’ব।”( যিচয়া ৫২:১২)।