আগস্ট 11 – আচৰিতকৰ্ম দ্বাৰা আনন্দ!
” কিয়নো অশুচি আত্মাই ধৰা অনেক মানুহৰ পৰা ভূতবোৰে আটাহ পাৰি ওলাই গল; বহুতো পক্ষাঘাত ৰোগী আৰু খোৰা লোক সকলক সুস্থ কৰা হল। তাতে সেই নগৰত মহা আনন্দ হ’ল।( পাঁচনিকৰ্ম ৮:৭, ৮)।
সেই নগৰত ” মহান আনন্দ ” হোৱাৰ পিছৰ কি কাৰন আছিল? ৰোগীৰ সুস্থ হোৱা, অশুচি আত্মাবোৰক বাহিৰলৈ ওলিওৱা আৰু নিজৰ লৰচৰ নকৰা অংগ চলাফুৰা কৰাত সক্ষম হোৱাৰ বাবে মহান আনন্দ হৈছিল। আপোনাক পবিত্র আত্মাৰ মাধ্যমেৰে আত্মাৰ দান প্ৰাপ্ত কৰা বজায় ৰাখিব লাগে। আত্মাৰ দান আপোনাৰ ভিতৰত দিব্যি সামৰ্থ আনে। আপুনি অধিকাৰ প্ৰাপ্ত কৰে আৰু ইয়াৰ মাধ্যমেৰে শাসন কৰে।
বহুতো লোকৰ আনন্দৰ অভাবৰ কাৰন কি হয়? ৰোগ আৰু দুৰ্বলতা তেওঁ লোকক নিজৰ পৰিয়াল আৰু পৰমেশ্বৰৰ প্ৰতি নিজৰ দায়িত্ব পূৰ্ণ কৰাত বাধা দিয়ে। বেছিভাগ সময় তেওঁ লোক নিজৰ বিচনাতে বাগুৰি থাকে।তেওঁ লোকৰ জীবন সূখৰ পৰা আতৰ আছে।
যেতিয়া যীশু খ্রীষ্ট জগতত আহিল, তেতিয়া তেওঁৰ দ্বাৰা কৰা আচৰিত কৰ্ম গননা কৰিব নোৱাৰা আছে। পবিত্র শাস্ত্ৰ কয়, ” যেনেকৈ ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মা শক্তি আৰু মহিমাৰে অভিষিক্ত কৰিলে; তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎ কৰ্ম কৰি, চয়তানৰ পৰা দুখ পোৱা সকলক সুস্হ কৰিছিল; কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল৷”( পাঁচনিকৰ্ম ১০:৩৮)।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, যদি যীশু খ্রীষ্ট আপোনাৰ জীবনলৈ আহে, তেতিয়া আপোনাৰ ভিতৰৰ ৰোগ আৰু দুৰ্বলতা নিশ্চিত ৰূপে আপোনাৰ পৰা আতৰ হয় যাব। শত্ৰুৰ সংঘৰ্ষ দেখা নিদিব । চয়তান চুৰ কৰা, মৃত্যু কৰাৰ বাদে অন্য কিছু কথাৰ বাবে নাহে কিন্তু পৰমেশ্বৰ আপোনাক জীবন প্ৰাপ্ত কৰি বহুতায়তৰ জীবন প্ৰাপ্ত কৰাত সহায় কৰে। আপোনাৰ ৰোগৰ বাবে, তেওঁ নিজৰ শৰীৰত চাবোকৰ ঘাক স্বীকাৰ কৰিলে। এয়া কিমান আনন্দৰ কথা হয়।
এবাৰ, লেংকাহৰ পৰা পীড়িত এগৰাকী মহিলা সুস্থ কাৰী সভাত আহিল। সভাৰ শেষৰ দিনা তেওঁ প্ৰাৰ্থনা কৰাবলৈ মঞ্চত আহিল। মঞ্চত উপস্থিত পালকে তাইৰ মুৰত হাত ৰাখি কৰুনাৰে প্ৰাৰ্থনা কৰিলে, তেতিয়া ৰোগ নাইকিয়া হয় গল। সেই উদ্ধাৰ সদায়ৰ আছিল। পৰমেশ্বৰ যিকোনো সুস্থতা দিয়ে , সেয়া সদায়ৰ হয়।
যেনেকৈ পৰমেশ্বৰে এয়া আচৰিতকৰ্ম কৰিলে, মহিলা আৰু পালকৰ বাবে আনন্দৰ বিষয় হয় ৰল । সেই মহিলাৰ গোটেই পৰিয়ালত আনন্দৰ পৰিবেশ হল। সেই বাবে পবিত্র শাস্ত্ৰ কয় যে গোটেই নগৰত মহাআনন্দ হল। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, পৰমেশ্বৰ আপোনাৰ মাধ্যমেৰে গোটেই চহৰত বহুত আনন্দ আনিব বিচাৰে।
মন কৰিবলগীয়া:” যি জনে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি আপোনালোকৰ জীৱনত থাকে, তেনেহলে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনে আপোনালোকত নিবাস কৰা তেওঁৰ আত্মাৰ যোগেদি, আপোনালোকৰ মৰ্ত্ত্য দেহকো জীয়াব।”( ৰোমীয়া ৮:১১)।