Appam - Assamese

আগস্ট 06 – তেজৰ দ্বাৰা পবিত্ৰতা!

” এই কাৰণে যীচুৱেও, তেওঁৰ নিজৰ তেজৰ দ্বাৰাই লোক সকলক পবিত্ৰ কৰিবলৈ, নগৰৰ দুৱাৰৰ বাহিৰত মৃত্যুভোগ কৰিলে। ( ইব্ৰী ১৩:১২)।

” নিজৰ তেজৰ দ্বাৰাই লোক সকলক পবিত্ৰ কৰিবলৈ,” শব্দৰ ওপৰত অলপ চিন্তা কৰক। পৰমেস্বৰ, যি আপোনাৰ পবিত্রতা গভীৰ আৰু ৰোমাঞ্চক ৰাখিব বিচাৰে, তেওঁ নিজৰ তেজ বুৱাই আপোনাক পবিত্র বনাব বিচাৰে। আপোনাৰ পবিত্রতাৰ বাবে নিজৰ একমাত্র পুত্ৰ অৰ্পন কৰা, প্ৰভুৰ বাবে মহান বলিদান হয়!

হেজাৰ স্বৰ্গদুতৰ বলিদান কৰিবলৈ আগবাঢ়ি আহিব পাৰে। তেওঁ কৰুব আৰু চাৰিফিমক হোমবলি  ৰূপে সমৰ্পিত কৰিব পাৰে। তেওঁ জগতৰ হেজাৰ জন্তু আৰু পক্ষীবোৰৰ বলিদান ৰূপে দিব পাৰে  । কিন্তু, তেওঁ নিজৰ একমাত্র পুত্ৰক বলিদান ৰূপে দি দিলে। পবিত্র শাস্ত্ৰ কয়, “….তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে। ( ১ যোহন ১:৭) ।

পবিত্র জীবন জীয়াই থাকিবলৈ প্ৰতিদিনে কালবাৰীৰ ক্ৰুচৰ ফালে চাওক। বাৰে- বাৰে কওক, ” যীশুৰ তেজত জয় আছে। ” এয়া কয় প্ৰচাৰ কৰক, ” মই মেৰৰ তেজৰ দ্বাৰা উদ্ধাৰ পালো। ”  সেই তেজেৰে শক্তি পায় আৰু সুখ, আনন্দৰ সৈতে আগবাঢ়ক।

এবাৰ, চয়তানে মাৰ্টিন লুথাৰক এয়া কয় পৰীক্ষা কৰিলে, ” নিজকে নিজে পবিত্র নকবা। তুমি যি ডাঙৰ পাপ কৰিলা, সেয়া চোৱা। ”  এয়া কয় সি এটি পাপৰ শুচি দেখুৱালে। আচলতে, সেয়া পাপ মাৰ্টিন লুথাৰৰ  দ্বাৰা কৰা হৈছিল। সুচি  দীঘল আছিল যত সৰু ডাঙৰ পাপ আছিল। মাৰ্টিন লুথাৰে চয়তানক সুধিলে এয়া অন্তিম সুচী নে আপোনাৰ ওচৰত আৰু সুচী আছে। চয়তান পাপৰ আৰু এটি সুচি লয় আহিল।

মাৰ্টিন লুথাৰে নিজৰ মেজত থকা ৰঙা চিয়াঁহী বটল তুলি চয়তানৰ দ্বাৰা অনা সুচীত  পেলাই দিলে। চয়তানৰ দ্বাৰা অনা সুচীত চিয়াঁহী তেজৰ দ্বাৰা বয় গল। লগতে মাৰ্টিন লুথাৰে বিজয়ী ৰূপে ঘোষনা কৰিলে, ” চয়তান মই অংগীকাৰ  কৰো সুচীত দিয়া পাপ মই কৰিলো কিন্তু মোৰ বাবে কালবাৰীৰ ক্ৰুচত যীশুৱে তেজ বুৱালে, সেয়া মোৰ সকলো পাপ শুচি কৰি দিলে। তাৰ দ্বাৰা মোক উদ্ধাৰ  প্ৰাপ্ত হল। ” এই দৰে, চয়তান লজ্জিত হয় পলাই গল।

পৰমেস্বৰৰ মৰমিয়াল সন্তান, যেতিয়া পৰমেস্বৰে নিজৰ তেজ বুৱাই ধুলে আৰু শুচি কৰিলে, তেন্তে কোনে আপোনাক দোষী কৰি আপোনাৰ ন্যায় কৰিব পাৰে? আপোনাৰ বিবেক আপোনাক কেতিয়াও দোষী কৰিব নোৱাৰে  ।

মন কৰিবলগীয়া:”  কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ।( ইফিচিয়া ১:৭)।

Leave A Comment

Your Comment
All comments are held for moderation.

// Day of week // Sunday=0, Monday=1, Tuesday=2, Wednesday=3, Thursday=4, Friday=5, Saturday=6