জুলাই 13 – উদ্ধাৰৰ দিন!
(হে যিহোৱা, তোমাৰ লোকসকলৰ প্রতি তুমি মৰম প্রকাশ কৰাৰ সময়ত মোকো সোঁৱৰণ কৰিবা; তেওঁলোকক উদ্ধাৰ কৰাৰ সময়ত মোকো সহায় কৰিবা। (গীতমালা ১০৬:৪)
এই অন্তিম দিনত পৰমেশ্বৰনিজৰ সন্তানক লগ কৰে আৰু বিনামূল্যে উদ্ধাৰ প্ৰদান কৰে। চোৱা দায়ুদ কি কয় প্ৰাৰ্থনা কৰে, ” তেওঁলোকক উদ্ধাৰ কৰাৰ সময়ত মোকো সহায় কৰিবা। “।
এই অন্তিম দিনত পৰমেশ্বৰে বহুতো সেৱকক মনোনীত কৰিলে। উদ্ধাৰৰ, খ্ৰীষ্টাৰ আগমন, আৰু মুকলি হোৱাৰ শুভ সংবাদ সকলে ঠাইতে প্ৰচাৰ কৰিছে। পবিত্র আত্মাৰ বৰষুণ সকলো ঠাইতে বিয়পায় পৰিছে। পৰমেশ্বৰে অসংখ্য প্ৰাৰ্থনাু যযাৰু ঠিয় কৰিছে আৰু লোকসকলক তেওঁৰ আগমনৰ বাবে তৈয়াৰ কৰিছে। যীশুৱে কলে, “সকলো জাতিৰ আগত সাক্ষ্য হবৰ বাবে স্বৰ্গৰাজ্যৰ এই শুভবাৰ্তা যেতিয়া গোটেই জগতত ঘোষণা কৰা হ’ব; তেতিয়াহে শেষ সময় উপস্থিত হ’ব। “(মথী২৪:১৪) ।
শুভ সংবাদ অনেক লোকৰ আগলৈ বিয়পওৱা তেওঁৰ আগমনৰ এটি সংকেত হয়। আমি কেতিয়াও ভবা নাচিলো আমাৰ পিতৃ শুভসংবাদৰ পূৰ্ণ কাল প্ৰচাৰক হব। তেওঁ আয়কৰ বিভাগত কাৰ্য্য কৰিছিলে। মোৰ মাতৃ চৰকাৰৰ ৰাজ্য বিভাগত কাৰ্য্য কৰিছিলে। কিন্তু, যেতিয়া পৰমেশ্বৰে তেওঁক দৰ্শন দি পূৰ্ণ ৰূপে সেৱা কাৰ্য্য ত আহিবলৈ আমন্ত্রণ জানালে, তেতিয়া তেওঁ তেওঁৰ কথা শুনিলে। পৰমেশ্বৰে তেওঁক সেৱা কাৰ্য্যৰ গধুৰ বোজা দিলে ষি তেওঁৰ সহন শক্তিৰ পৰা আতৰ আছিল। তেওঁ দিনে ৰাতি আত্মিক পুস্তক লিখিলে, উপবাস প্ৰাৰ্থনা আয়োজিত কৰিলে আৰু শুভসংবাদৰ সেৱা কাৰ্য্য কৰিলে।
পবিত্র শাস্ত্ৰ কয়’ ” এই কাৰণতে, মানুহৰ অজ্ঞানতাৰ এনে কালছোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন-পালটন কৰিবলৈ আজ্ঞা দিছে। “( পাঁচনিকৰ্ম ১৭:৩০)।
যোৱা কাল অঞ্জানতাৰ কাল আছিল। আমাৰ পূৰ্বপুৰুষ সকল অঞ্জানতাৰ অন্ধকাৰত আছিল আৰু মুৰ্তি পুজা কৰিছিলে। পৰমেশ্বৰে লোক সমূহৰ ওপৰত দয়া কৰিলে, বিদেশৰ মিছনেৰী আনি শুভসংবাদ শুনোৱাত সহায় কৰিলে।
কিন্তু এতিয়া , আপুনি প্ৰভুক জানে তেওঁৰ আগমন বহুত সোনকালে হব। সেই বাবে, নিজৰ পাপকে যীশু খ্রীষ্ট ৰ তেজেৰে ধুয়, নিজৰ পাপৰ ক্ষমা প্ৰাপ্ত কৰি আৰু যিমান হব পাৰে সিমান পৰমেশ্বৰৰ সেৱা কাৰ্য্যত সমৰ্পিত কৰক।
এদিনো ব্যৰ্থ যাবলৈ নিদ্য়ক । যদি পানী বান্ধ পাৰ হৈ যায় তেন্তে চকুলো বুৱালেও তাক পুনৰায় আনিব নোৱাৰে। সেই দৰে, আপুনি সেই দিন কেইটা কেতিয়াও পুনৰায় নাপায় যি আপুনি অতীতত এলেহুৱাৰ বাবে নষ্ট কৰিলে। ” তেনেহলে এনে এক মহৎ পৰিত্ৰাণ অগ্রাহ্য কৰিলে আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ?… ( ইব্ৰী ২:৩)। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনি স্বৰ্গ যোৱাৰ সময়ত খালি হাতে যাব নোৱাৰে। হেজাৰ আত্মাৰ সৈতে তাত যাবলৈ সংকল্প লোক।
মন কৰিবলগীয়া:” কিয়নো তেওঁ কৈছে, “মই গ্ৰাহ্য-কালত তোমাৰ প্ৰাৰ্থনা শুনিলো; আৰু পৰিত্ৰাণৰ দিনা তোমাৰ উপকাৰ কৰিলোঁ।” (২কৰন্থীয়া ৬:২) ।