জুলাই 26 – ইয়াক নিজৰ লক্ষ্য বনাক!
” এই হেতুকে নিবাস কৰোঁ বা প্ৰবাস কৰোঁ, তেওঁৰ প্ৰিয়পাত্ৰ হবলৈহে আমি যত্ন কৰি আছোঁ। ” (২ কৰন্থীয়া ৫:৯)।
যিদিনা পাঁচনি পৌলে খ্ৰীষ্টৰ দক্ষমিকৰ এটি সৰু ঠাইৰ কথা কলে, সেই দিনা তেওঁ খ্ৰীষ্টক আনন্দিত কৰিলে আৰু খ্ৰীষ্টৰ বাবে জীয়াই থাকিবলৈ প্ৰসন্ন কৰিলে আৰু নিজকে খ্ৰীষ্টক সমৰ্পিত কৰি দিলে। এই বিষয়ে কৰন্থীয়াত পৰমেস্বৰৰ সেৱকে লিখে, তেওঁ কয়, ” এই হেতুকে নিবাস কৰোঁ বা প্ৰবাস কৰোঁ, তেওঁৰ প্ৰিয়পাত্ৰ হবলৈহে আমি যত্ন কৰি আছোঁ”(২ কৰন্থীয়া ৫:৯)। এটি কাৰন ৰূপে কয় তেওঁ আনটি পদত লিখে, ” কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ, আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আসনৰ আগত প্ৰকাশিত হ’ব লাগিব।”(২ কৰন্থীয়া ৫:১০)।
আপোনাৰ জীবন মৃত্যুৰ লগত শেষ নহব। মৃত্যুৰ পিছত খ্ৰীষ্টৰ ন্যায় আসনৰ ওচৰত ঠিয় হব লাগে। পৃথিবীতে থাকোতে, আপুনি যি টি জীবন জীয়াই আছে, সেয়া পৰমেস্বৰক প্ৰসন্ন কৰা হব লাগে আৰু বিশ্বাস যোগ্য আৰু সিদ্ধ হব লাগে। তেতিয়া আপুনি খ্ৰীষ্টৰ আসনৰ ওচৰত ঠিয় হয় জীবনৰ মুকুট আৰু অনন্ত নিবাস প্ৰাপ্ত কৰিব পাৰে। সেইবাবে সদায় সেয়া কৰিব লাগে যি তেওঁক ভাল লাগে।
এবাৰ এটি সাম্যবাদী দেশত এজন পাষ্টৰ বন্দীগৃহত আছিল। তেওঁ তাৰ কষ্ট ভোগ কৰিব পৰা নাছিল। তেওঁৰ হৃদয় বিচলিত হব লাগিল। এদিন বন্দীশালৰ অধক্ষ্য তেওঁক কলে, ” আপোনাক এনেই ইমান কষ্ট কিয় ভোগিব লাগে? এই বন্দীশালত দুগৰাকী মহিলা বন্দী হয় আছে আপুনি তেওঁ লোকক মৃত্যু কৰিলে আমি আপোনাক ৰেহাই দিম । প্ৰথমে তেওঁ মনা নাছিল শেষত তেওঁ স্বীকাৰ কৰিলয় বন্দুক হাতত ললে।
যেতিয়া দুগৰাকী মহিলাক তেওঁৰ ওচৰলৈ অনা হল, তেতিয়া এয়া গম পায় আচৰিত হল দুগৰাকী মহিলা সেই পালকৰ দ্বাৰা শুভ বাৰ্তা শুনায় উদ্ধাৰৰ পথত পৰিচালনা কৰা তেওঁৰ মন্ডলীৰ সদস্যা আছিল। সেই দুগৰাকী তেওঁক কলে, ” পালক, হব লাগে আপুনি এই কষ্টৰ মাজত এই নিৰ্নয়ত আহিছে। আপুনি আমাক খ্ৰীষ্টক লগ কৰালে আৰু আজি আপুনি নিজে বন্দুক তুলি ললে। আমি মৃত্যু হয় গলেও খ্ৰীষ্টক নেৰো। আমি অনুৰোধ কৰো আপুনি আমাক মৃত্যু কৰাৰ পিছত প্ৰভুত আহি যোৱক । তেওঁক প্ৰসন্ন কৰক। অনুগ্রহ কৰি তল নপৰক ।
পালকে সেই দুগৰাকী মহিলাক মৃত্যু কৰি পেলালে, ক্ষনতে বন্দীশালৰ অধক্ষ্য নিজৰ বন্দুক উলিয়াই তেওঁক মৃত্যু কৰি পেলালে। তেওঁক নিজৰ পাপৰ পৰা ক্ষমা বিচৰাৰো সময় নহল। পৰমেস্বৰৰ মৰমিয়াল সন্তান,এই জগতত কেৱল এটি জীবন আছে। ইয়াত আমি পৰমেস্বৰক প্ৰসন্ন কৰি তেওঁৰ বাবে প্ৰিয় হয় যাওক।
মন কৰিবলগীয়া:” কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ।( ৰোমীয়া ১৪:৮)।