নৱেম্বৰ 13 – একে মনৰ!
“শেষতে, হে ভাই সকল, আপোনালোকে আনন্দ কৰক! সিদ্ধ হোৱা কর্ম কৰক, শান্ত্বনাযুক্ত হওক, একে মনৰ লোক হওক, b মিলেৰে শান্তিত থাকক; তাতে প্ৰেম আৰু শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব। ” (২ কৰিন্থীয়া ১৩:১১)।
শান্তি চয়তান আৰু তেওঁ আঙুলিয়াই দিয়া এই জগতৰ লৌকিক সুখবোৰে ধ্বংস কৰে। আপোনাক শান্তি দিব বিচৰা ঈশ্বৰে চয়তানৰ মূৰটো চেপি ধৰি ক্ৰুচত জয় কৰিছে। শাস্ত্ৰই কৈছে যে তেওঁ শান্তিৰ লেখক। “কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ, শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত,” (১ কৰিন্থীয়া ১৪:৩৩)।
নিশ্চিত হওক যে আপুনি চয়তানক ভৰিৰ স্থান নিদিয়ে; আৰু আপোনাৰ পৰিয়ালত শান্তি ৰক্ষা কৰক। তিক্ততা, বিভাজন, ক্ষমাহীন মনোভাৱে চয়তানৰ বাবে আপোনাৰ দুৱাৰ মুকলি কৰিব। “দুষ্টৰ বাবে শান্তি নাই, যিহোৱাই কৈছে” (যিচয়া ৪৮:২২, যিচয়া ৫৭:২১)। কিন্তু, “তুমি তেওঁক নিখুঁত শান্তিত ৰাখিবা, যাৰ মন তোমাৰ ওপৰত থাকে, কাৰণ তেওঁ তোমাৰ ওপৰত ভৰসা কৰে। (যিচয়া ২৬:৩)।
পৰিয়ালত মনৰ একতা ৰাখক, আৰু চয়তানক প্ৰতিহত কৰক। আমি সকলোৱে এই কাহিনী পঢ়িছো যে সিংহই ঐক্যবদ্ধভাৱে থিয় হৈ থকা চাৰিটা ম’হক আক্ৰমণ কৰিব নোৱাৰিলে। কিন্তু যদি তেওঁলোকে শিয়ালৰ দুষ্ট পৰিকল্পনাৰ ওচৰত হাৰ মানি লয় তেন্তে তেওঁলোকৰ ঐক্য আৰু একতা বিনষ্ট হৈ যাব আৰু তেওঁলোক সহজেই সিংহৰ চিকাৰ হৈ পৰিব।
“ই কেনে উত্তম আৰু কেনে আনন্দময় হয়, যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!সেয়ে হৰ্মোণ পর্বতৰ নিয়ৰৰ নিচিনা, যি চিয়োনৰ পৰ্বতমালাৰ ওপৰলৈ নামি আহিল; কিয়নো তাত যিহোৱাই তেওঁৰ আশীৰ্ব্বাদৰ ৰায় দিলে, অনন্ত কালৰ নিমিত্তে জীৱনৰ ৰায় দিলে।” (গীতমালা ১৩৩:১,৩)। এই পদতহে আমি অনন্ত আশীৰ্বাদ আৰু চিৰকালৰ জীৱনৰ বিষয়ে পঢ়িবলৈ পাওঁ।
সহজেই এটা লাঠি ভাঙিব পাৰি; কিন্তু চাৰিটা লাঠি যিবোৰ একেলগে বান্ধি থোৱা হয় তেন্তে বৰ কঠিন। এজনে হাজাৰজনক খেদিব পাৰে, আৰু দুজনে দহ হাজাৰক পলায়ন কৰিব পাৰে (দ্বিতীয় বিবৰণ ৩২:৩০)। যদি আপোনাৰ হৃদয়ৰ একতা থাকে তেন্তে আপোনাৰ পৰিয়ালৰ বিৰুদ্ধে অহা সকলো কু-চক্ৰান্ত, দুষ্ট পৰামৰ্শ, অন্ধকাৰৰ শক্তি আৰু যাদুকৰী কামবোৰ আপুনি সহজেই চিনি পাব পাৰে আৰু ধ্বংস কৰিব পাৰে।
পাঁচনিৰ কৰ্মৰ পুস্তকত আমি পঢ়িবলৈ পাওঁ যে যেতিয়া এশ বিশজন বিশ্বাসীয়ে একে মনেৰে একত্ৰিত হৈছিল, পবিত্ৰ আত্মা, তেতিয়া তেওঁলোকৰ মাজত শান্তিৰ আত্মা নামি আহিছিল (পাঁচনিৰ কৰ্ম ২:১-৪)। আৰু তেওঁলোক সকলোৱে ওপৰৰ পৰা শক্তিৰে সমৃদ্ধ হৈছিল (লূক ২৪:৪৯)। আনকি পুৰণি নিয়মৰ দিনতো যেতিয়া এশ বিশজন পুৰোহিতে একেলগে প্ৰভুক উপাসনা কৰিছিল, তেতিয়াও প্ৰভুৰ মহিমাই প্ৰভুৰ ঘৰ ভৰি পৰিছিল (২ বংশাৱলি ৫:১২-১৩)। ঈশ্বৰৰ সন্তানসকল, মনৰ একতাৰ বাবে প্ৰাৰ্থনা কৰক; আৰু প্ৰেমৰ সঙ্গতি ৰক্ষা কৰক।
অধিক ধ্যান-ধাৰণৰ বাবে পদ: “ সেয়া আমি দেখিলোঁ, শুনিলোঁ আৰু আপোনালোকলৈ ঘোষণাও কৰিলোঁ, গতিকে আপোনালোকেও আমাৰ সৈতে সহভাগীতা ৰাখিব। আমাৰ যি সহভাগীতা, সেয়া পিতৃৰ সৈতে আৰু তেওঁৰ পুত্র যীচু খ্রীষ্টৰ সৈতে সহভাগিতা।”(১ যোহন ১:৩)