অক্টোবৰ 30 – জ্ঞানী পুৰুষৰ লগত খোজ কঢ়া !
“জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা; কিন্তু অজ্ঞানীলোকৰ সঙ্গীয়ে কষ্ট ভোগ কৰিব.” (হিতোপদেশ ১৩:২০).
পুৰণি কথা আছে যে ‘মালা বনাবলৈ ব্যৱহাৰ কৰা ডোঙাটোৱেও, ফুলৰ সুগন্ধি আহৰণ কৰে’. জ্ঞানী মানুহৰ লগত খোজ কঢ়া মানুহ জ্ঞানী হ’ব. ইমানবোৰ জ্ঞানী মানুহৰ জীৱন কাহিনী আমি পুৰণি আৰু নতুন নিয়মত বিচাৰি পাওঁ. আমি যেতিয়া সেইবোৰ পঢ়ি ধ্যান কৰো তেতিয়া তেওঁলোকৰ লগত খোজ কঢ়াৰ অনুভৱো পাওঁ. আমি প্ৰাৰ্থনাত কটোৱা সময়খিনিও খোজ কঢ়াৰ দৰেই; আৰু আমাৰ জ্ঞানী পিতৃ, তেওঁৰ পুত্ৰ আৰু আমাৰ প্ৰভু যীচু আৰু পবিত্ৰ আত্মাৰ সান্নিধ্যত থকা.
যদি আপুনি জ্ঞানী হ’ব বিচাৰে, তেন্তে ঈশ্বৰৰ সন্তানসকলৰ লগত আৰু প্ৰভুৱে শক্তিশালীভাৱে ব্যৱহাৰ কৰা ঈশ্বৰৰ দাসসকলৰ সৈতে সঙ্গতি ৰাখক. তেওঁলোকে আপোনাক তেওঁলোকৰ জীৱনৰ অভিজ্ঞতাৰ পৰা আৰু শাস্ত্ৰৰ পৰা আচৰিত পৰামৰ্শৰে পথ প্ৰদৰ্শন কৰিব
এনে সঙ্গীয়ে পবিত্ৰ জীৱন যাপন কৰাত সহায় কৰিব, আৰু আপোনাৰ প্ৰাৰ্থনা জীৱন উন্নত কৰিব. প্ৰকৃততে কোন জ্ঞানী? শাস্ত্ৰই কৈছে, “জ্ঞানীলোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ’বলৈ দিয়া. আৰু তীক্ষ্নবুদ্ধি সম্পন্ন লোকক পথপ্রদৰ্শন কৰা; যাতে নীতিবচন আৰু বাণী, জ্ঞানীলোকৰ বাক্য আৰু তেওঁলোকৰ নিগূঢ়তত্ব বুজিব পাৰে.” (হিতোপদেশ ১:৫-৬).
মই ঈশ্বৰৰ এজন মানুহক জানো যিয়ে গীৰ্জাত বহু সময় কটায়. তেওঁৰ এটা ৰোগৰ বাবে তেওঁ নিজৰ সেৱা আগবঢ়াব নোৱাৰিলে. দেওবাৰে পূজাৰ পিছত তেওঁৰ লগত বহি ঐশ্বৰিক জ্ঞান লাভ কৰিছিলোঁ, সেই আলোচনাৰ জৰিয়তে. তেওঁ মোক প্ৰভুৱে তেওঁক যি আচৰিত উপায়েৰে নেতৃত্ব দিছিল, প্ৰভুৰ মহান কৰ্ম আৰু কেনেকৈ প্ৰজ্ঞাৰে পৰিচৰ্যা কৰিব লাগে সেই বিষয়ে কৈছিল. সেই পৰামৰ্শবোৰ মোৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হৈছে.
প্ৰভুৱে নিজৰ পৰিচৰ্যাৰ বাবে এই জগতৰ মূৰ্খ লোকসকলক বাছি লৈছিল; আৰু তেওঁলোকৰ জ্ঞানেৰে অভিষেক কৰে. চাওকচোন তেওঁ চিমনক কিমান আচৰিত ধৰণে ব্যৱহাৰ কৰিছিল – নিৰক্ষৰ মাছমৰীয়াজনক! তেওঁ তেওঁক বিদ্বানসকলৰ জিভা দিলে, আৰু তেওঁক এক মহান ধৰ্মধ্বনি প্ৰচাৰ কৰিবলৈ সক্ষম কৰিলে. আৰু তেওঁৰ যোগেদি তেওঁ হাজাৰ হাজাৰ লোকক ৰক্ষা কৰি প্ৰভুৰ ওচৰলৈ আনিলে. লগতে, পাঁচনি পৌলে বিভিন্ন মণ্ডলীলৈ লিখা পত্ৰত থকা জ্ঞান দেখি আমি অতিশয় ভয় খাইছো আৰু আচৰিত হৈছো. ইমানেই প্ৰজ্ঞাৰে ভৰা, আৰু গভীৰ সত্য.
ঈশ্বৰৰ সন্তানসকল, ঈশ্বৰৰ বাক্যৰ দ্বাৰা আপুনি ঐশ্বৰিক জ্ঞান লাভ কৰিব পাৰে; ঈশ্বৰৰ দাসসকলৰ বাৰ্তাৰ যোগেদি; আৰু ঈশ্বৰৰ দাসসকলৰ সৈতে সঙ্গতিৰ দ্বাৰা. যেতিয়া আপোনাৰ এনে সঙ্গতি থাকিব, তেতিয়া পবিত্ৰ আত্মাই আপোনাক প্ৰকাশ কৰিব যে আপুনি কি কথা ক’ব লাগে, আৰু নিৰ্দিষ্ট পৰিস্থিতিত আৰু জীৱনৰ বিভিন্ন সংগ্ৰামৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত আপুনি কেনেকৈ আচৰণ কৰিব লাগে.
অধিক ধ্যান-ধাৰণৰ বাবে পদ: “সেই সময়ত যীচুৱে মাত লগাই ক’লে, “হে পিতৃ, তুমি স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰোঁ, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা.” (মথি ১১:২৫).